The Life Of Winers
এহাল চৰাইৰ কথাৰে....
----------------------------
: তুমি মোক পাহৰি যাবা নেকি?
: ধেই পাগলি হ'লি নেকি কি নো প্ৰশ্ন সুধিচ' আমি মানু্হ নহয় চৰাইহে । আমি পাহৰি নাযাওঁ , মানুহে হে মানুহক পাহৰি যায় ।
: তুমি বাৰু মোক বিয়াৰ পিছত বহুত শাসন কৰিবা নেকি ? এতিয়াৰ দৰে ভালপোৱা বোৰ থাকিবনে আমাৰ ?
: কিয় নাথাকিব , থাকিব কাৰণ চা, আমাক চলিবলৈ এটিএম কাৰ্ড নালাগে , এনড্ৰইড মোবাইল ফোন নালাগে ,এগাল মান পইচা নালাগে ,আমি সদায় এনেদৰেই হাঁহি হাঁহি থাকিম ,মুক্ত মনেৰে উৰিম ,ভাগৰিম, জিৰণি ল'ম আকৌ দূৰ দিগন্ত লৈ উৰা মাৰিম এদিন হঠাৎ মৰি থাকিম।
: ধেই মৰাৰ কথানো কিয় কোৱা ,থাকিম দিয়া এনেকেই জীয়াই । বাৰু এটা কথা কোৱাচোন ??
:: কি কথা ?
: তুমি বাৰু মানুহক ইমান কিয় বেয়া পোৱা , মোৰ কিন্তু মাজে মাজে মানুহ হ'বলৈ মন যায় , সিহঁতৰ ধুনীয়া ধুনীয়া ঘৰবোৰৰ দৰে ধুনীয়া ঘৰ সাজি তাত থাকিবলৈ মন যায় ......
: মই নো তোক কোনদিনা ক'লো মানুহ মই বেয়া পাওঁ বুলি ,?? মানুহ মই বেয়া নাপাওঁ কিন্তু কিছুমান মানুহৰ কামবোৰ বেয়া পাওঁ , এই যে এইমাত্ৰ তই ক'লি ' মানুহৰ ধুনীয়া ঘৰবোৰৰ কথা , ধুনীয়া ঘৰখন হ'লেইতো নহ'ব ঘৰখনত থকা মানুহবোৰ সুখী নে তই ভবাৰ দৰে সেইটোহে আচল কথা ।
: এহ্ মই সেইবোৰ বুজি নাপাওঁ ।
: জানো তই একোৱেই বুজি নাপাঅ' বৰ আকৰি ,আজলী তই , সেয়েহে কেতিয়াবা মোৰ ভয়ো লাগে ।
: ইচচ্ তোমাৰ আকৌ কিহৰ ভয় ?
: এই মানুহৰ পাকচক্ৰত পৰি তই যদি উৰি গৈ সিহঁতৰ ঘৰতে পৰগৈ তোক যদি ফান্দ পাতি ধৰি লয় কি হ'ব তইতো একো বুজিবই নোৱাৰ'
: তুমি চোন আছা মোৰ লগত , মোৰ একোৱেই ভয় নাই ।
: এইখিনি যে কথা ক'লি ইয়াকে কয় বিশ্বাস বুলি , যি মানুহৰ মাজত নাই সেয়ে মই চৰাই হৈয়েই সুখী ।
: উমম বুজিছো দিয়া ,ময়ো তোমাৰ লগতেই সুখী ।
: হ'ব দে আমি অহা জনমতো যেন চৰাই হৈয়েই জন্ম লওঁ । মই দেখিছোঁ মানুহ বোৰৰ মাজত চলি থকা অমানুষিক অত্যাচাৰ , মই দেখিছোঁ প্ৰিয়জন বুলি ভবাজনেও খঙৰ ভমকত প্ৰিয়জনকে আকৌ অভিশাপ দিয়ে। কিমান কাজিয়া কৰে ,উচ্চস্তৰত দিয়া গালি - গালাজো মই শুনিছোঁ,নিজৰ প্ৰিয় জনক আনৰ ওচৰত হেয় প্ৰতিপন্ন কৰায় পাশৱিক সুখ পায় , সন্দেহ কৰে ইজনে সিজনক আপোনাজন হ'ল বুলিয়েই ইমান অত্যাচাৰ কৰাৰ অধিকাৰ থাকেনে ? আমি চৰাই হৈয়েই সুখী দে নালাগে জীৱ শ্ৰেষ্ঠ মানুহ হ'ব এনেকৈয়ে থাকিম আমি আৰু দুখ লাগে মোৰ যেতিয়া.......................
বৰুৱানী বৌৰ মৰ্মান্তিক বেদনা শুনো মই । খিৰিকীৰ কাষত বহি তেওঁ প্ৰায়ে উচুপি থাকে মোৰ মন যায় তেওঁক যেন অকণমান আশ্বাস দিওঁ অকণমান যেন মৰমৰ মাত দিওঁ কিন্তু মই একোৱেই কৰিব নোৱাৰোঁ।
ইমান ধুনীয়া ডাঙৰ ঘৰখনত হিমাদ্ৰী বাইদেউজনী একেবাৰেই অকলশৰীয়া অথচ বহুত মানুহ তেওঁৰ ঘৰখনত। কামৰ পৰা আহৰি নোপোৱা ইমান মানুহৰ মাজতো তেওঁ অকলশৰীয়া । তেওঁ যি ভাল পাই তেওঁৰ ঘৰৰ আন দহজনে সেইখিনি বেয়া পাই ।
ঠিক তেনেদৰেই কৌমুদী বৌক কালি দেখিছোঁ মোক চাউল খাব দি থাকোঁতে তন্ময় হৈ বেলেগ কথা ভাবি আছিল তেওঁৰ বহুদিন টোপনি নোহোৱা দুচকুত সপোন বোৰ চাগৈ কেতিয়াবাই শেষ হ'ল ..... আৰু যে কত' আছে মই যলৈকে যাওঁ সকলোকে চাওঁ কোনো কোনোক দেখো সুখী মানুহ তথাপি অভিনয় কৰে যেনহে লাগে বাৰু যি কি নহওঁক সকলো ভালে থাকিব লাগে ।
: উমম তোমাৰ কথাবোৰ বুজিছো মই
" আমি চৰাই হৈয়েই সুখী দিয়া ,
আমাৰ স্নেহৰ অভাৱ নহয় কেতিয়াও ।
আমি চৰাই হৈয়েই সুখী দিয়া,
আমাৰ বিশ্বাসৰ মৃত্যু নহয় কেতিয়াও।
আমি চৰাই হৈয়েই সুখী দিয়া,
আমাৰ খং উঠিলেও প্ৰিয়জনলৈ
অন্তৰৰ পৰা অভিশাপ নোলাই কেতিয়াও।
------------------------------------------------
See the point of View of life.
Comments