Posts

Showing posts from September, 2022

The Life Of Winers

Image
  এহাল চৰাইৰ কথাৰে.... ---------------------------- : তুমি মোক পাহৰি যাবা নেকি? : ধেই পাগলি হ'লি নেকি কি নো প্ৰশ্ন সুধিচ' আমি মানু্হ নহয় চৰাইহে । আমি পাহৰি নাযাওঁ , মানুহে হে মানুহক পাহৰি যায় । : তুমি বাৰু মোক বিয়াৰ পিছত বহুত শাসন কৰিবা নেকি ? এতিয়াৰ দৰে ভালপোৱা বোৰ থাকিবনে আমাৰ ?  : কিয় নাথাকিব , থাকিব কাৰণ চা, আমাক চলিবলৈ এটিএম কাৰ্ড নালাগে , এনড্ৰইড মোবাইল ফোন নালাগে ,এগাল মান পইচা  নালাগে ,আমি সদায় এনেদৰেই হাঁহি হাঁহি থাকিম ,মুক্ত মনেৰে উৰিম  ,ভাগৰিম, জিৰণি ল'ম আকৌ দূৰ দিগন্ত লৈ উৰা মাৰিম এদিন হঠাৎ মৰি থাকিম। : ধেই মৰাৰ কথানো কিয় কোৱা ,থাকিম দিয়া এনেকেই জীয়াই । বাৰু এটা কথা কোৱাচোন ?? :: কি কথা ? : তুমি বাৰু মানুহক ইমান কিয় বেয়া পোৱা , মোৰ কিন্তু মাজে মাজে মানুহ হ'বলৈ মন যায় , সিহঁতৰ ধুনীয়া ধুনীয়া ঘৰবোৰৰ দৰে ধুনীয়া ঘৰ সাজি তাত থাকিবলৈ মন যায় ...... : মই নো তোক কোনদিনা ক'লো মানুহ মই বেয়া পাওঁ বুলি ,?? মানুহ মই বেয়া নাপাওঁ কিন্তু কিছুমান মানুহৰ কামবোৰ বেয়া পাওঁ , এই যে এইমাত্ৰ তই ক'লি ' মানুহৰ ধুনীয়া ঘৰবোৰৰ কথা , ধুনীয়া ঘৰখন হ'লেইত...